ৰোপন কৰ্মী বিধেয়ক, ১৯৫১ য়ে চাহ ৰোপনকাৰীৰ কল্যাণ সাধণ কৰে আৰু ৰোপনৰ ব্যৱস্থাপনাৰ চোৱাচিতা কৰে । এই বিধি মতে, 'ৰোপন'ৰ অৰ্থ হ'ল- যিকোনো ৰোপন যিয়ে এই বিধিৰ, সম্পূৰ্ণকৈ বা আধৰুৱাকৈ মান্যতা দিয়ে আৰু কাৰ্যালয়, চিকিৎসালয়, বিদ্যালয়, বা অন্য যিকোনো চৌহদ- যিয়ে এই ৰোপনৰ বাবে জড়িত হয়, কিন্তু চৌহদত কোনো ফেক্টৰী নাথাকে য'ত The Factories Act,1948 বিধিখন প্ৰযোজ্য হয় ।
এই বিধিয়ে তেনে যিকোনো মাটিকে সামৰি ল'ব যি ৫ হেক্টাৰতকৈ বেছি হয় বা য'ত ১৫ জন বা ততোধিক মানুহে কাম কৰে । তথাপি ৫হেক্টাৰতকৈ কম ৰোপিত মাটি বা ১৫জনতকৈ কম কৰ্মী থকা মাটিকো এই বিধিৰ আওতাত আনিবৰ বাবে ৰাজ্য চৰকাৰেৰ হাতত সদায়েই স্বাধীনতা থাকিব । এই বিধিখন সকলো চাহ কৰ্মীৰ বাবে প্ৰয়োজ্য হ'ব যাৰ মজুৰী মাহিলি ৭৫০ টকাৰ বেছি নহয় ।
এই বিধিমতে কোনো প্ৰাপ্তবয়স্ক বা শিশুকে ক্ৰমান্বয়ে ৪৮ঘন্টা আৰু ২৭ ঘন্টাতকৈ বেছি কামত খটুৱাব নোৱাৰিব । আৰু প্ৰতিজন কৰ্মীকেই প্ৰতি ৭ দিনৰ মূৰত এদিনৰ বিশ্ৰাম দিব লাগিব । এই বিধিৰ অন্তৰ্গ পৰা সকলো ৰোপনতে চাহ কৰ্মী আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে চিকিৎসাসেৱা সুবন্দোৱস্ত থাকিব লাগিব ।ইয়াৰ ওপৰি এই বিধিয়ে চাহকৰ্মীসকলৰ বাগিছাৰ ওচৰে পাঁজৰে কেন্টিন, শিশুৰ ওমলা ঘৰ, সৌন্দৰ্যবৰ্ধন কাৰ্যসূচী, সুন্দৰ থকা ঘৰ আৰু শিক্ষাৰ অধিকাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে । ১৯৮১ সংযোজনে ৰোপনৰ বাধ্যতামূলক পঞ্জীয়ন সুনিশ্চিত কৰিছে ।