এই আঁচনিৰ মূল উদ্দেশ্য হল ৰাজ্যৰ চাহ জনজাতীয় লোকসকলৰ মাজত ফুলবল খেলৰ উন্নয়ন সাধন কৰা।চি.এম কাপ আন্তঃচাহবাগীচা ফুটবল প্ৰতিযোগীতাৰ মূল উদ্দেশ্য হল প্ৰতিভাসম্পন্ন চাহজনজাতীয় খেলুৱৈ সকলক চিনাক্ত কৰি তেওঁলোকক জিলা, ৰাজ্য আৰু ৰাষ্ট্ৰীয় প্ৰৰ্যায়ত উন্নত প্ৰদৰ্শনৰ বাবে সাজু কৰি তোলা।
ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ সহযোগত চাহ জনগোষ্ঠী আৰু প্ৰাক্তন চাহ জনগোষ্ঠীৰ সঞ্চালকালয়
প্ৰতিখন বাগিচাৰে চছাইটি পঞ্জীয়ন আইনৰ অধিনত পঞ্জীকৃত দল থাকিব লাগিব আৰু তেওঁলোকে নিজে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ অধিনত পঞ্জীয়ন কৰিব লাগিব ।পঞ্জীকৃত দলসমূহ TTW বিভাগৰ অধিনত অনুদান লাভ কৰিব। অনুদানৰ হাৰ বাজেত অনুযায়ী ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা কমিতিৰ সিদ্ধান্ত অনুযায়ী হব।
১৬-২০ টা মণ্ডল গঠন কৰিব লাগিব আৰু প্ৰতিটো মণ্ডলৰ মাজত আন্তঃচাহ বাগিচা ফুটবল খেল আয়োজন কৰা হব। পৰৱৰ্তী সময়ত সেই খেলুৱৈ সকলৰ মাজৰ পৰা ১৬-২০ টা দল গঠন কৰা হব।
১৬-২০ টা মণ্ডলৰ প্ৰতিটোতে একোকনকৈ মাণ্ডলিক কমিতি থাকিব যিখন ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা কমিতিৰ দ্বাৰা মনোনিত হব আৰু স্থানীয় বিধায়ক কমিতিৰ মূল হব।
মাণ্ডলিক কমিতিৰ মূখ্য কাৰ্যালয় থকা জিলাৰ জিলা উপায়ুক্ত উক্ত কমিতি খনৰ আহ্বায়ক আৰু জিলা ক্ৰীড়া বিষয়া সেই কমিতি খনৰ Member Secretary হব। কমিতিখনৰ আন আন সদস্যসমূহ ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা কমিতিৰ দ্বাৰা মনোনিত হব।
ক) প্ৰতিযোগীতা সমূহ FIFA নিয়ম অনুযায়ী হব।
খ) ইচ্ছুক চাহ বাগিচাসমূহে তেওঁলোকৰ নিজ নিজ মাণ্ডলিক কমিতি অনুযায়ী চি.এম কাপ আন্তঃচাহবাগীচা ফুটবল প্ৰতিযোগীতাৰ বাবে আবেদন কৰিব পাৰিব।
গ)মাণ্ডলিক কমিতিয়ে প্ৰতিযোগীতাৰ বাবে কাৰ্যসূচী সাজু কৰাৰ লগতে খেলপথাৰ আদিও সাজু কৰিব।
ঘ) প্ৰতিযোগীতা নিয়ন্ত্ৰকে খেলৰ ৰেফাৰী নিৰ্বাচন কৰাৰ লগতে খলৰ বাবে প্ৰয়োজনীয় সকলো সুবিধা সাজু কৰিব।
ঙ)বয়সঃ ১৭ বছৰৰ ভিতৰৰ সকলেহে এই প্ৰতিয়োগীতাৰ বাবে যোগ্যতা পাব। খেলুৱৈ সকলে তেওঁলোকৰ বয়সৰ প্ৰমাণ পত্ৰ জমা দিব লাগিব।
চ)মাণ্ডলিক দল নিৰ্বাচনঃ বিশেজ্ঞৰ দ্বাৰা মাণ্ডলিক দল সমূহ আন্তঃ বাগিচা প্ৰতিযোগীতাৰ পৰা নিৰ্বাচন কৰা হব আৰু নিৰ্বাচিত দল সমূহে ৰাজ্যিক পৰ্যায়ত খেলিবলৈ সুযোগ পাব।